Wednesday, 17 September, 2025г.
russian english deutsch french spanish portuguese czech greek georgian chinese japanese korean indonesian turkish thai uzbek

пример: покупка автомобиля в Запорожье

 

মাৰ্ঘেৰিটাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্গৰ বাৰ্ষিক অধিৱেশনৰ সফল পৰিসমাপ্তি : Srimanta Sankardev sangha

মাৰ্ঘেৰিটাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্গৰ  বাৰ্ষিক অধিৱেশনৰ সফল পৰিসমাপ্তি : Srimanta Sankardev sanghaУ вашего броузера проблема в совместимости с HTML5
মাৰ্ঘেৰিটাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্গৰ বাৰ্ষিক অধিৱেশনৰ সফল পৰিসমাপ্তি… হৰিনামৰ ধ্বনিৰে মুখৰিত হল ৰামনগৰ অঞ্চল মাৰ্ঘেৰিটা মহকুমাৰ ৰামনগৰত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্গৰ মাৰ্ঘেৰিটা শাখাৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ আজি সফল পৰিসমাপ্তি ঘটে ৷ অসম অৰুনাচল সীমান্তৰ ৰামনগৰ প্ৰাৰ্থমিক শাখাৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ ঘটা অধিৱেশন খনিত আজি অন্তিম দিনা ৰাইজৰ অভূতপূৰ্ব সহাৰি দেখাৰ পৰিলক্ষিত হয় ৷ ৰামনগৰ প্ৰাৰ্থমিক শাখাৰ গুৰুগৃহৰ প্ৰাঙ্গণত অনুস্থিত হোৱা অধিৱেশন খনিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক আৰু জিলা শাখাৰ বহুকেইজন ধৰ্মপ্ৰান ব্যক্তি উপস্থিত থাকে ৷ আজি অধিৱেশনৰ অন্তিম দিনা শ্ৰীমন্ত শংকৰদেৱ সঙ্গৰ শতাধিক ভক্তপ্ৰান ৰাইজে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিলে সমগ্ৰ অঞ্চল ৷ ভক্ত প্ৰাণ ৰাইজৰ সমাগমেৰে উদুলি মুদুলি হল অসম অৰুনাচল সীমান্তৰ ৰামনগৰ অঞ্চল ৷ ? দূৰ্গেশ্বৰ দত্ত" ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত " ৰাম নাম মহাৰত্ন" শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ গ্ৰন্থখনি উন্মোচন কৰে লিডুৰ বিশিষ্ট সাংবাদিক হেমন্ত গগৈয়ে ৷ ? মুকলি সভাত লিডুৰ লগতে মাৰ্ঘেৰিটাৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ ? নিশালৈ কন কন শিল্পী সকলৰ দ্বাৰা "ভাওঁনা " মঞ্চস্থ কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ মাৰ্ঘেৰিটাৰ পৰা উজ্জ্বল চৌধুৰীৰ প্ৰতিবেদন Times Guwahati… #timesguwahati #ramnagar
Мой аккаунт